Arundhati Gold Scheme

সবিশেষ


এতিয়াও আমাৰ দেশৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ কিছুমান কু ৰীতি-নীতি বা অন্ধবিশ্বাস আছে যেনে, বাল্যবিৱাহ, কন্যা ভ্ৰূণ হত্যা, যৌতুক প্ৰথা ইত্যাদি যাৰ প্ৰভাব বিশেষকৈ কন্যা সন্তানৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত অসমীয়া সমাজ কিন্ত্ত সদায় ব্যতিক্ৰম, কাৰণ এনেধৰণৰ কু-প্ৰথাৰ প্ৰচলনৰ পৰা অতীজৰে পৰা অসমখন মুক্ত। যদিওবা অসমত যৌতুক প্ৰথাৰ প্ৰচলন নাই তথাপিও কন্যা সন্তানৰ বিৱাহৰ সময়ত অভিভাৱক সকলে নিজ কন্যাক কিছু ব্যৱহাৰোপযোগী সামগ্ৰী দিবলৈ হেঁপাহ পুহি ৰাখে। অভিভাৱক সকলে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে নিজ সন্তানক মৰম, ভালপোৱা, আশীৰ্বাদৰ উপৰিও সামান্য পৰিমানে হ\লেও উপহাৰ দিব বিচাৰে। কিন্তু আৰ্থিক দৈন্যতাৰ বাবে ইচ্ছা কৰিও কোনো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰে। সোঁণ বা সোঁণৰ গহণাক যিহেতুকে মাংগলিক বা মূল্যবান ধাতু হিচাপে গণ্য কৰা হয়, সেইবাবে অভিভাৱকে নিজ কন্যাৰ সামাজিক আৰু আৰ্থিক স্থিতি বঢ়াবলৈ সোঁণৰ অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰে। আঁচনিখনৰ উদ্দেশ্য : ওপৰোক্ত আলোচিত বিষয়খিনিক সফল ৰূপ দিবলৈ অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত "অৰুন্ধতী স্বৰ্ণ আঁচনি " নামৰ নতুন আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বিগত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০১৯-২০ চনৰ বাজেট অধিবেশনতো বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত ৪০ নম্বৰ দফাত উল্লেখ কৰে। আৰ্থিক দৈন্যতাৰ বাবে যিসকল অভিভাৱকে নিজ কন্যা সন্তানক সোঁণৰ গহণা উপহাৰ হিচাপে দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়, সেই সকল অভিভাৱকক সামান্য পৰিমাণে সকাহ আগবঢ়োৱাই হ'ল এই আঁচনিৰ মূল লক্ষ্য। এই উদ্দেশ্যকেই সমুখত ৰাখি ৰাজ্য চৰকাৰে, আৰ্থিক ভাবে দুৰ্বল যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানক বিয়া দিবলৈ বিচাৰিছে, তেওঁলোকৰ সহায় হোৱাকৈ সোণ ক্ৰয় কৰিবলৈ আশীৰ্বাদ স্বৰূপে 8০,০০০ টকাকৈ প্ৰদান কৰিছে। অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰিব।