Arundhati Gold Scheme

NEW APPLY IS CLOSED FROM 1st April, 2023

ৱেবছাইট লিংক

এতিয়াও আমাৰ দেশৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ কিছুমান কু ৰীতি-নীতি বা অন্ধবিশ্বাস আছে যেনে, বাল্যবিৱাহ, কন্যা ভ্ৰূণ হত্যা, যৌতুক প্ৰথা ইত্যাদি যাৰ প্ৰভাব বিশেষকৈ কন্যা সন্তানৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত অসমীয়া সমাজ কিন্ত্ত সদায় ব্যতিক্ৰম, কাৰণ এনেধৰণৰ কু-প্ৰথাৰ প্ৰচলনৰ পৰা অতীজৰে পৰা অসমখন মুক্ত। যদিওবা অসমত যৌতুক প্ৰথাৰ প্ৰচলন নাই তথাপিও কন্যা সন্তানৰ বিৱাহৰ সময়ত অভিভাৱক সকলে নিজ কন্যাক কিছু ব্যৱহাৰোপযোগী সামগ্ৰী দিবলৈ হেঁপাহ পুহি ৰাখে। অভিভাৱক সকলে তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে নিজ সন্তানক মৰম, ভালপোৱা, আশীৰ্বাদৰ উপৰিও সামান্য পৰিমানে হ\লেও উপহাৰ দিব বিচাৰে। কিন্তু আৰ্থিক দৈন্যতাৰ বাবে ইচ্ছা কৰিও কোনো কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰে। সোঁণ বা সোঁণৰ গহণাক যিহেতুকে মাংগলিক বা মূল্যবান ধাতু হিচাপে গণ্য কৰা হয়, সেইবাবে অভিভাৱকে নিজ কন্যাৰ সামাজিক আৰু আৰ্থিক স্থিতি বঢ়াবলৈ সোঁণৰ অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰে। আঁচনিখনৰ উদ্দেশ্য : ওপৰোক্ত আলোচিত বিষয়খিনিক সফল ৰূপ দিবলৈ অসম চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯-২০ চনত "অৰুন্ধতী স্বৰ্ণ আঁচনি " নামৰ নতুন আঁচনিখন প্ৰৱৰ্ত্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বিগত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০১৯-২০ চনৰ বাজেট অধিবেশনতো বিত্ত মন্ত্ৰীয়ে এই সন্দৰ্ভত ৪০ নম্বৰ দফাত উল্লেখ কৰে। আৰ্থিক দৈন্যতাৰ বাবে যিসকল অভিভাৱকে নিজ কন্যা সন্তানক সোঁণৰ গহণা উপহাৰ হিচাপে দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়, সেই সকল অভিভাৱকক সামান্য পৰিমাণে সকাহ আগবঢ়োৱাই হ'ল এই আঁচনিৰ মূল লক্ষ্য। এই উদ্দেশ্যকেই সমুখত ৰাখি ৰাজ্য চৰকাৰে, আৰ্থিক ভাবে দুৰ্বল যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানক বিয়া দিবলৈ বিচাৰিছে, তেওঁলোকৰ সহায় হোৱাকৈ সোণ ক্ৰয় কৰিবলৈ আশীৰ্বাদ স্বৰূপে 8০,০০০ টকাকৈ প্ৰদান কৰিছে। অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰিব।

অৰুন্ধতী আঁচনিৰ যোগ্যতাৰ মাপকাঠীঃ ১) বিবাহ পঞ্জীয়নৰ সময়ত দৰা-কইনাৰ নূন্যতম বয়স ক্ৰমে ২১ আৰু ১৮ বছৰ হ'ব লাগিব। ২) আবেদনকাৰীৰ বিবাহ, বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত পঞ্জীয়নভূক্ত হ'ব লাগিব। ৩) আবেদনকাৰীগৰাকী ২০১৯ চনৰ ১ ডিচেম্বৰত বা তাৰ পিছত বিবাহ সম্পন্ন কৰা হ'ব লাগিব। ৪) আবেদনকাৰীগৰাকীয়ে ২০২০ চনৰ ১ জানুৱাৰীত বা তাৰ পিছত বিবাহৰ বাবে পঞ্জীয়ন কৰিব লাগিব। ৫) আবেদনকাৰী কন্যাগৰাকীয়ে বিবাহ পঞ্জীয়নৰ বাবে কৰা আবেদনৰ দিনাখন অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিৰ অধীনত পাবলগীয়া লাভালাভৰ বাবে আবেদন কৰিব লাগিব। ৬) আবেদনকাৰী কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ কম হ'ব লাগিব। ৭) এই লাভালাভৰ সুবিধা আবেদনকাৰী কন্যাগৰাকীৰ প্ৰথম বিবাহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। ৮) ৰাজ্যখনৰ আদিবাসী সম্প্ৰদায়সমূহ আৰু চাহ জনজাতি লোকসকলৰ বাহিৰে, অন্যান্য সকলো সম্প্ৰদায়ৰ দৰা-কইনাৰ নূন্যতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ৯) পৰৱৰ্ত্তী পাঁচ বছৰৰ বাবে আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ লোকসকলৰ ক্ষেত্ৰত কোনো নূন্যতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ বেছিভাগ চাহ বাগিচাতে হাইস্কুলৰ সুবিধা নাই।

আবেদনকাৰী কন্যাগৰাকীৰ যোগ্যতাৰ মাপকাঠী নিৰ্ণয় কৰিবলৈ প্ৰয়োজন হোৱা নথি-পত্ৰঃ

১) বয়সৰ প্ৰমাণৰ বাবে নথি

ক) চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ক বাদ দি বয়সৰ প্ৰমাণ স্বৰূপে HSLC বা CBSC বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, যাৰ দ্বাৰা কইনাৰ বয়স আইনৰ দৃষ্টিত কইনাৰ বয়স ১৮ বছৰ আৰু দৰাৰ বয়স ২১ বছৰ বুলি প্ৰমাণ হ’ব।

খ) আদিবাসী সম্প্ৰদায়কে সামৰি চাহ জনজাতিৰ ক্ষেত্ৰত বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত কইনা আৰু দৰাৰ বয়স ক্ৰমে, ১৮ আৰু ২১ বছৰ বুলি প্ৰতিপন্ন কৰিবলৈ বিবাহ পঞ্জীয়নৰ সময়ত বয়সৰ প্ৰমাণ হিচাপে জাননীকৃত কৰ্তৃপক্ষই প্ৰদান কৰা দৰা আৰু কইনা দুয়োৰে জন্মৰ প্ৰমাণ পত্ৰ বা কোনো শিত্ৰাগত প্ৰমাণ পত্ৰ নাইবা উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে লাভ কৰা প্ৰমাণ পত্ৰ জমা দিব লাগিব।

২) বিশেষ বিবাহ (অসম) আইন, ১৯৫৪ ৰ চতুৰ্থ অনুসূচীত সন্নবিষ্ট প্ৰ-পত্ৰত, বিবাহ বিষয়াৰ দ্বাৰা জাৰী কৰা বিবাহৰ প্ৰমাণ পত্ৰৰ প্ৰত্যয়িত প্ৰতিলিপি।

৩) কন্যাগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা এলেকাৰ চক্ৰ বিষয়া গৰাকীয়ে কন্যাৰ পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ সংস্কৰণ কৰে।

৪) হিতাধিকাৰীগৰাকীৰ বেংক একাউন্টৰ বিৱৰণ/বেংক পাচবুকৰ প্ৰতিলিপি।

৫) আবেদনকাৰী কন্যাগৰাকীৰ এইখনেই প্ৰথম বিয়া বুলি তেওঁৰ পিতৃ-মাতৃৰ সৈতে স্থায়ীভাবে বসবাস কৰা ঠাইখনৰ গাওঁবুঢ়া/মৌজাদাৰে প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।

১) আবেদনকাৰীয়ে, বিশেষ বিবাহ আইন (Special Marriage Act) ১৯৫৪ ৰ অধীনত, বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰাৰ দিনাই অৰুন্ধতী স্বৰ্ণ আঁচনিৰ বাবেও আবেদন কৰিব লাগিব।

২) বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা, বিবাহ পঞ্জীয়ন সম্পৰ্কীয় বিষয়াৰ কাৰ্যালয়ত বিবাহৰ আবেদনৰ সৈতে শাৰীৰিক আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি আবেদনকাৰীৰ দ্বাৰা জমা দিব লাগিব।

৩) আবেদনকাৰীয়ে, অৰুন্ধতী স্বৰ্ণ আঁচনিৰ অধীনত লাভালাভৰ বাবে দাবী জনাবলৈ এখন অনলাইন প্ৰপত্ৰও জমা দিব লাগিব। অনলাইন আবেদন প্ৰপত্ৰখন revenueassam.nic.in ত উপলব্ধ।

৪) প্ৰপত্ৰখন পূৰণ কৰা হোৱাৰ পিছত, আবেদনকাৰীয়ে প্ৰপত্ৰৰ শেষত থকা চাবমিট বাটনত ক্লিক কৰি প্ৰপত্ৰখন জমা দিয়াৰ লগতে আবেদন পত্ৰখনৰ এখন প্ৰিন্ট আউট উলিয়াই ৰখাটো প্ৰয়োজনীয়।

৫) প্ৰপত্ৰখন জমা দিয়াৰ আগতে আবেদনকাৰীয়ে প্ৰপত্ৰখনৰ এখন প্ৰিন্ট আউট উলিয়াব লাগিব আৰু তাত উল্লেখিত ঘোষণা পত্ৰত স্বাক্ষৰ কৰাৰ লগতে সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত ওপৰোক্ত “ডি” নম্বৰ দফাত সূচীবদ্ধ সকলো নথিৰ এখন প্ৰতিলিপিৰ সৈতে সোঁ-শৰীৰে গৈ জমা দিব লাগিব। অৰুন্ধতী স্বৰ্ণ আঁচনি আৰু ইয়াৰ সৈতে সংলগ্ন বিষয়সমূহৰ অধীনত আবেদন পত্ৰ জমা দিব পৰা উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ তালিকা সন্দৰ্ভত, নিৰ্দেশনাৱলীৰ “পি” নম্বৰ দফাত উল্লেখ কৰা হৈছে।

৬) আবেদনকাৰীয়ে, আবেদন পত্ৰ জমা দিয়া সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ আৰু আৱশ্যকীয় নথি জমা দিয়াৰ পিছত এখন ৰচিদ লাভ কৰিব।

৭) আবেদন পত্ৰ গ্ৰহণ বা বৰ্জনৰ তথ্য সম্পৰ্কে আবেদনকাৰীক এছ.এম.এছ বা মেইল যোগে (অনলাইন আবেদন পত্ৰত প্ৰদান কৰা মোবাইল নম্বৰ বা মেইলৰ আধাৰত)সূচিত কৰিব ।

৮) যদি আবেদন পত্ৰ খন সম্পৰ্কীয় বিবাহ পঞ্জীয়ন বিষয়াৰ দ্বাৰা স্বীকাৰ কৰা হয়, তেন্তে আঁচনিখনৰ অধীনত লাভ কৰিবলগীয়া ধনৰাঁশি আবেদনকাৰীৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে, পঞ্জীয়ক মহানিৰীক্ষকৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। এই ক্ষেত্ৰত, অনলাইন প্ৰপত্ৰত উল্লেখিত বিবৰণ অনুসৰি বেংক একাউন্ট সংখ্যাৰ সৈতে প্ৰদান কৰা আই.এফ.এছ.চি কোডৰ সামঞ্জস্য থকাটো বাঞ্চণীয়।